স্বচ্ছ সৰ্বেক্ষণ

গুৱাহাটীৰ বাটে পথে “স্বচ্ছ সৰ্বেক্ষণ” ৰ প্ৰাচীৰ পত্ৰিকা দেখিছো ।“ স্বচ্ছ সৰ্বেক্ষণ” শব্দ যুটি শুনি ধাৰনা হয় যে এয়া অসমী্য়া ভাষাত এক নতুন স্ংযোজন । স্বচ্ছ যাক ইংৰাজী ভাষাত কোৱা হয় TRANSPARENT বুলি । সৰ্বেক্ষন শব্দৰ অৰ্থ সম্পৰ্কে মই নিশ্চিত ন্হয় ।প্ৰাচীৰ পত্ৰিকা বিলাকৰ দ্বাৰা চৰকাৰে সম্ভব্ত পৰিস্কাৰ পৰিচ্ছনতাৰ বিষয়ে অবগত কৰিব বিচাৰিছে ।

দুখৰ বিষয় যে আমি অসমত এটা স্বচ্ছ(TRANSPARENT) ব্যব্স্থা অথবা পৰিস্কাৰ পৰিচ্ছ্ন্ন পৰিবেশ নাপালো ।

ভাৰত  চৰকাৰৰ  এটি  বিশেষ পদক্ষেপ “ স্বচ্ছ ভাৰত অভিযান” । এই অভিযান  অবশ্যে বিফল হোৱা বুলি কোৱা  অতি সৰলীকৰণ কৰা হব ।কিছুদিন আগতে মধ্যপ্ৰ্দেশৰ বানিজ্যিক চহৰ  ইন্দোৰ  ভ্ৰ্মন কৰি মই এই ধাৰনা লবলৈ বাধ্য হ’লো ।

ইন্দোৰ  চহৰৰ বাট পথ পৰিপাটী  তথা পৰিস্কাৰ । বিশেসকৈ মন্দিৰ বিলাকৰ  চৌহদ সমূহ অতি  পৰিচ্ছ্ন্ন ।

জানিব পাৰিলো যে ২০১৭ চনত ইন্দোৰ  ভাৰতৰ  সবাতোকৈ পৰিস্কাৰ  চহৰ  হিচাপে  স্বীকৃত হৈছিল।

এই  সাফল্য  নিশ্চিতভাবে মধ্য প্ৰ্দেশ (ভা জ পা) চৰকাৰৰ, তাৰ প্ৰ্শাসনৰ লগতে ৰাজ্যখনৰ জনসাধাৰণৰ ।

Leave a comment